Colossians 3

1এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ’ল; তেনেহলে য’ত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক৷ 2ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব; 3কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে। 4আমাৰ জীৱন স্বৰূপ
3:4 যো ১১:২৫; ১৪:৬৷
খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ’ব, তেতিয়া তেওঁৰ সৈতে আপোনালোকো প্ৰতাপত প্ৰকাশিত হ’ব।
3:4 ১ যো ৩:২৷

5এতেকে আপোনালোকে জাগতিক সকলো বিষয়কে মাৰি পেলাওঁক
3:5 ৰো ৮:১৩; গাল ৫:২৪৷
; ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভৰ দৰে মূৰ্তিপূজা,
6এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ আহে। 7পূৰ্বতে আপোনালোকে যেতিয়া এইবোৰত জীৱন-যাপন কৰি আছিল, তেতিয়া আপোনালোকেও এইবোৰত চলিছিল। 8কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰক৷

9ইজনে সিজনক মিছা কথা নক’ব, কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে আগৰ পুৰুষক ফটা বস্ত্ৰ দৰে সোলোকাই পেলালে; 10আৰু নতুন স্বভাৱক পিন্ধিলে; এনেদৰে সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে তত্ব জ্ঞানত পুনৰ নতুন কৰোৱা হ’ল। 11এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া
3:11 প্ৰাচীন চিদিয়া দেশৰ মানুহ
, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷

12এতেকে ঈশ্বৰৰ মনোনীত জন, প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক; 13আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷ 14এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।

15এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক। 16খ্ৰীষ্টৰ বাক্যই আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। লগতে পৰস্পৰে সকলো জ্ঞানেৰে শিক্ষা আৰু চেতনা দি, ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে ঈশ্বৰলৈ হৃদয়েৰে ধন্যবাদ সহিত কৃতজ্ঞ হওক। 17আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক,
3:17 ১ কৰি ১০:৩১৷
সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।

18হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক
3:18 ইফি ৫:২২-৩৩; ১ পি ৩:১-৭৷
, কিয়নো এয়ে প্ৰভুৰ মতে উচিত।
19হে পুৰুষ সকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব। 20হে সন্তান সকল, আপোনালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হওক;
3:20 ইফি ৬:১-৩৷
কিয়নো প্ৰভুত সেয়ে সন্তোষজনক।
21হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলক প্ৰৰোচিত কৰি নাথাকিব, তাতে তেওঁলোক যেন নিৰাশ নহয়।

22হে দাস সকল, আপোনালোকে সকলো বিষয়তে মাংস-সম্বন্ধীয় নিজ নিজ প্ৰভু সকলৰ আজ্ঞাধীন হওক। আপোনালোক চকুৰ সন্মুখত, মানুহৰ সন্তোষজনক নহৈ কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি, তেওঁলোকৰ সেৱা কৰক৷ 23আপোনালোকে যি কৰে, সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰক; 24আপোনালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি আপোনালোকে জানে৷ আপোনালোকে প্ৰভু খ্ৰীষ্টৰ কাৰণে সেৱাকৰ্ম কৰক।
3:24 ইফি ৬:৫-৮৷
কিয়নো যি জনে অন্যায় কৰে, তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতীত্ব নাই।

25

Copyright information for AsmULB